

Happy Independence Day Shayari 2019 in Assamese
নুসুধিবা আমাক,
আমাৰ কাহিনী,
আমাৰ পৰিচয় মাথোঁ এটাই,
আমি সকলো হিন্দুস্হানী -
"স্বাধীনতা দিৱস"ৰ শুভেচ্ছা যাঁচিলো ।
Heart Touching 15 August Independence Day Sms Text in Assamese
🇮🇳 তেজেৰে ফাকু খেলিম,
যদি প্ৰয়োজন ভাৰতৰ বাবে,
বকুত অগনি জ্বলাম,
যদি প্ৰয়োজন ভাৰতৰ বাবে,
আহক সকলোৱে ভাৰত মাতা'ক জনাওঁ প্ৰণাম,
ভাৰত দেশ মহান - ১৫ আগষ্ট ২০১৯,
"স্বাধীনতা দিৱস"ৰ শুভেচ্ছা যাঁচিলো ।
🇮🇳 ভাষা অনেক, ধৰ্ম অনেক,
বিভিন্ন প্ৰান্ত, বিভিন্ন পৰিৱেশ,
কিন্তু সকলোৰে এটাই গৌৰৱ,
ৰাষ্ট্ৰীয় ধ্বজ্ ত্ৰিৰংগা শ্রেষ্ঠ -- ১৫ আগষ্ট ২০১৯,
"স্বাধীনতা দিৱস"ৰ শুভেচ্ছা যাঁচিলো ।
এই কথা বতাহক কৈ থবা,
পোহৰ হ'ব, দীপক জ্বলাই থবা,
ৰক্ত বোৱাই যাৰ সন্মান বচালোঁ,
সেই ৰাষ্ট্ৰীয় ধ্বজ্খনি মনত সজতনে সাঁচি ৰাখিবা - "স্বাধীনতা দিৱস"ৰ শুভেচ্ছা যাঁচিলো ।
সমুহ ভাৰতবাসী ৰাইজলৈ স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো... বিজিত কলিতা ।



সকলোলৈকে স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৷






দেশৰ বাবে স্বাধীনতাৰ আটাইতকৈ ডাঙৰ মূল্যায়ন হ'ল দেশৰ জনতাই কঢ়িয়াই ফুৰা স্বাধীনতাৰ অনুভৱ
স্বাধীনতা দিৱসৰ সকলোকে হিয়া ওলগ জনালোঁ।

🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳
সমুহ ভাৰতবাসী ৰাইজলৈ স্বাধীনতা দিৱসৰ হিয়াভৰা আন্তৰিক শুভেচ্ছা জনালোঁ ।
🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳
দেশৰ 72 তম স্বাধীনতা দিৱসৰ দিনা আমাৰ সকলোটি দেশ বাসিলৈ মোৰ হিয়া ভৰা মৰম যাছিলো। লগতে দেশৰ বাবে শ্বহীদ হোৱা সকলো বীৰ শ্বহীদলৈ মই কৌটি কৌটি প্ৰনাম, আৰু শ্ৰদ্বা যাছিলো। শেষত দেশৰ সকলো শ্বহীদ পৰিয়ালৈ মোৰ তৰফৰ পৰা স্বাধীনতা দিৱসৰ দিনালৈ সমবেদনা জনালো। বন্দে মাতৰম, ভাৰত মাতাকি জয়, জয় হিন্দ।
স্বাধীনতা দিৱসৰ মধুৰ সময়ত স্বাধীনতা সংগ্ৰামী সকলোকে শ্ৰদ্ধাৰে সোঁৱৰিছোঁ.......
তেখেত সকলৰ কষ্ট আৰু আত্ম বলিদান নথকা হলে আমি হয়তো আজি স্বাধীনতা দিৱস উদযাপন কৰিব নোৱাৰিলো হয়....
আপোনালোকৰ ওচৰত আমি ভাৰতবাসী চিৰকৃতজ্ঞ হৈ থাকিম সদায়ে....
স্বাধীনতা দিৱসৰ সকলোকে হিয়া ওলগ জনালোঁ.
জয় হিন্দ
ভাৰত মাতা কি জয়
বন্দে মাতৰম..🇮🇳
সমূহ ভাৰতবাসীলৈ স্বাধীনতা দিৱসৰ আন্তৰিক শুভকামনা জনালো আৰু লগতে দেশৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদ সকলক শ্ৰদ্বা নিবেদিছো।
"শ্বহীদ প্ৰণামো তোমাক"......শুভ স্বাধীনতা দিৱস
বিশ্বৰ মহাশক্তিধৰ ৰাষ্ট্ৰ ভাৰতবৰ্ষৰ ৭৩ তম স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেশৰ স্বাভিমান, অখণ্ডতা ও সাৰ্বভৌমত্বৰ ৰক্ষাৰ হেতু প্ৰাণ বলিদান দিয়া দেশৰ প্ৰতিজন বীৰ স্বাধীনতা সেনানী ও #ভাৰতীয়_সেনাৰ প্ৰতিজন বীৰ যোদ্ধা ও #অসম_আৰক্ষী ৰ প্ৰতিজন সাহসী বীৰ লৈ আমাৰ ফালৰ পৰা সশ্ৰদ্ধ প্ৰণিপাত যাঁচিলোঁ৷৷৷
#ভাৰত_মাতা_কি_জয়
#জয়_হিন্দ
মোৰ তৰফৰ পৰা সমগ্ৰ দেশবাসী লৈ স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ৷ এই ৭৩ তম স্বাধীনতা দিৱস উপলক্ষে সকলো দেশবাসীৰ মাজত যাতে শান্তি সম্প্ৰতি আৰু ভাতৃত্ববোধ গঢ়ি উঠে তাৰেই কামনা কৰিলোঁ৷
তিনি বৰণীয়া জাতীয় পতাকা
নীল আকাশত নাচে
ওপৰে গেৰুৱা মাজত শুকুলা
তলত শ্যামল আছে
বগাৰ মাজত অশোক চক্ৰৰ
চিত্ৰ জিলিকি ৰয়
আমাৰ জাতীয় পতাকাখনিৰ
কদাপি নহয় ক্ষয়।
🇮🇳🇮🇳স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ🇮🇳🇮🇳

0 Comments