NEW!Assamese Video StatusInstall

শিক্ষক দিৱসৰ কবিতা | Teachers day assamese poem | শিক্ষক দিৱসৰ শুভেচ্ছা

Place for Ads
শিক্ষক দিৱসৰ কবিতা | Teachers day assamese poem | শিক্ষক দিৱসৰ শুভেচ্ছা

শিক্ষক ডঃ সৰ্ব্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনক সুঁৱৰি অসমৰ সমূহ শিক্ষকলৈ""শিক্ষক দিৱসৰ ""শুভেচ্ছা জনাই মোৰ আজিৰ কবিতা আগবঢ়ালো.........


শিক্ষক মই
***************
পঢ়াশালিৰ বাট চৰাতে
সদায়ে মই পিন্ধি লওঁ
কলুষিত নোহোৱা
এজোৰ শুভ্ৰ শিক্ষকৰ পোছাক ।

সম্পদ গঢ়িবলে কমাৰৰ দৰে
দায়িত্ব শিৰত লওঁ
শ্ৰদ্ধা আৰু ভক্তিৰে ।

কোনো অভিপ্ৰায় নাই মোৰ
কূট কৌশলৰ
ছাত্ৰৰ মাজত বিচাৰো মাথো
প্ৰীতিৰ নিঃস্বাৰ্থ বন্ধনৰ ।

জনপ্ৰিয় হোৱাৰ বাসনাও মোৰ নাই
কোনো সস্তীয়া ৰাজনীতিৰ
পৰিপন্থীও নহয় ।
মাথো মানুহ গঢ়াৰ কৌশলতহে
অবিৰত নিমগ্ন মই ।

হ'ব বিচাৰো সদায়ে আদৰ্শবান
হ'ব বিচাৰো পথ প্ৰদৰ্শক
ছাত্ৰ সমাজৰ ।
সহিষ্ণুতা আৰু আত্মবিশ্বাসক লৈ
ল'ব বিচাৰো নিঃস্বাৰ্থ ভূমিকা শিক্ষকৰ ।

আজি পণ কৰোঁ আঁহা সতীৰ্থ
মিলিজুলি শিশুক কৰো সন্মান ।
আগুৱাই নি ছাত্ৰ সমাজক দিওঁ আগস্থান ।
মানৱ সম্পদ গঢ়ি নীতি শিক্ষা দান কৰোঁ ।
ভাল আৰু বেয়াৰ ব্যৱধান বুজাই দিওঁ ।

আঁহা মোৰ সতীৰ্থ বৃন্দ
জগত বৰেণ্য সুপুৰুষ সু নাৰীক
গঢ়ি তোলো আমি
পিতৃ- মাতৃৰ দৰেই
শিক্ষকৰ এজোৰ শুভ্ৰ পোছাক পিন্ধি ।

আঁহা দান কৰোঁ
শিশুৰ হাতে হাত ধৰি
প্ৰসাৰিত কৰো জ্ঞান
হৃদয় উজাৰি ।

আজিৰ ছাত্ৰ দেশৰ ধৰণী ।
প্ৰকৃত শিক্ষক সদায়ে যুগজয়ী ।।

শিক্ষক দিৱসৰ কবিতা



@ শিক্ষক দিৱস @
▬▬▬▬▬▬▬▬▬▬▬
মই ভাল পাওঁ শিক্ষকক
ভাল পাওঁ ৰাধাকৃষ্ণণৰ দৰে
চিৰনমস্যক‌,
শ্ৰদ্ধা জনাওঁ তেখেতৰ কৰ্মৰাজিক।
দিৱসবোৰ মই বছেৰেকত
এদিন নহয় সদায় পাতো‌,
কিন্তু শিক্ষক দিৱসৰ দিনা
নষ্টালজিক হৈ পৰোঁ,
মোৰ বহু শিক্ষক এতিয়া
মাথো হৈ পৰিল স্মৃতি,
প্ৰত্যেকজন গুৰুকে স্মৰণ
কৰোঁ শিক্ষক দিৱসৰ
প্ৰতিটো প্ৰভাততে,
মন উৰি যায় মোৰ
শৈশৱ কাললৈ,
চকুৰ আগত ভাঁহি উঠে
ধকধকীয়া বগা চুৰীয়া আৰু
ক'লা ছশমাৰ তলৰ
ৰঙা চকুবোৰ।


শিক্ষক দিৱসৰ বক্তৃতা
শিক্ষক দিৱসৰ শুভেচ্ছা বাণী
শিক্ষক দিৱসৰ কবিতা
শিক্ষক দিৱসৰ তাৎপৰ্য
শিক্ষক দিৱসৰ উদ্দেশ্য
শিক্ষক দিৱসৰ শুভেচ্ছা
শিক্ষক দিৱসৰ বিষয়ে
শিক্ষক দিৱসৰ বিষয়ে ৰচনা
শিক্ষক দিৱসৰ প্রাসঙ্গিক

teachers day assamese speech
teachers day assamese song
teachers day assamese quotes
teachers day assamese status
teachers day assamese song download
happy teachers day assamese
happy teachers day assamese images
happy teachers day assamese song
teachers day essay in assamese language
about teachers day in assamese
about teachers day in assamese language
teachers day in assamese language
teachers day in assamese
teachers day in assam
teachers day quotes in assamese
5 september teachers day speech in assamese
== শ্বেয়াৰ কৰক ==

Post a Comment

1 Comments

Emoji
(y)
:)
:(
hihi
:-)
:D
=D
:-d
;(
;-(
@-)
:P
:o
:>)
(o)
:p
(p)
:-s
(m)
8-)
:-t
:-b
b-(
:-#
=p~
x-)
(k)