NEW!Assamese Video StatusInstall

বিহু অসমৰ জাতীয় উৎসৱ।

Place for Ads Android Developer in Assam

বিহু অসমৰ জাতীয় উৎসৱ । বিহু তিনিটা । বহাগ বিহু, কাতি বিহু আৰু মাঘ বিহু । অসমৰ প্ৰতিতো বিহু বিশেষকৈ খেতি তথা কৃষিৰ লগত জড়িত । অসম কৃষি ভূমি ৰাজ্য আৰু খেতি হিচাপে ধান খেতিৰ লগত অসমৰ আছে এক নিবিড় সম্পৰ্ক । অসমীয়া দিনপঞ্জীৰ ৬ষ্ঠ তম মাহ আহিন, আৰু এই আহিন মাহৰ সংক্ৰান্তিৰ দিনা পতা হয় অসমীয়াৰ কাতি বিহু । কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয় । কঙালী বিহু কোৱাৰ কাৰণ হল কৃষি ভূমি ৰাজ্য অসমত আগৰ দিনত এটা বছৰৰ বাবে এবিধ খেতিয়ে কৰা হৈছিল “শালি খেতি” । আৰু সেই শালি খেতিৰ পৰা হোৱা শালি ধানৰ দ্বাৰাই এটা বছৰৰ খাদ্য যোগাৰ কৰিব লগীয়া হৈছিল । শালি খেতি সাধাৰণতে আহাৰ-শাওণ মাহত ৰুৱা হয় আৰু আঘোণ-পুহ মাহত চপোৱা হয় । শালি ধান কটাৰ আগে আগে আহিন কাতি মাহত প্ৰায় মানুহৰ বছৰৰ জমা ধান শেষ হয় আৰু আৰ্থিক দুৰৱস্থাই কঙালী কৰে । সেয়েহে আহিন মাহৰ সংক্ৰান্তিৰ দিনা ধান গছৰ তলত চাকি-বন্তি দি সেৱা জনাই যাতে ধান ভালে কুশলে আপদ-বিপদ নোহোৱাকৈ চপাব পাৰি । সেই কাৰণে সাধাৰণতে কাতি বিহু পতা হয় । কাতি বিহুৰ দিনা তুলসীৰ তলতে চাকি-বন্তি, বুট-মাহ প্ৰসাদৰ সৈতে লক্ষি আইক আৰাধনা কৰা হয় । তুলসীৰ তলত চাকি দিয়াৰ উপৰিও ধান খেতিত(আকাশ বন্তি) আৰু পদুলিৰ মুখৰ লগতে ধানৰ ভঁৰালতো চাকি দি লক্ষি আইৰ আগমনৰ কামনা কৰে । ধান খেতিত দিয়া চাকিক আকাশ বন্তি বুলিও কোৱা হয় । কাৰণ ধান খেতিত দিব লগীয়া চাকি, এডাল দীঘল বাহৰ উপৰত দিয়া হয় ।

বৰ্তমান এই বিশ্বায়ন কৰণৰ যোগত পৰিবেশ প্ৰদূষণকে ধৰি শব্দ-প্ৰদূষণ, বানপানী, ভূমিকম্প, আগ্নেয়গিৰি, গাড়ী-মটৰ, কাৰখানা আদিৰ পৰা উলুৱা ধূঁৱাই পৃথিৱীৰ পৰিবেশ বিনষ্ট কৰিছে । আৰু জনসংখ্যাও দ্ৰুতগতিত বৃদ্ধি হোৱাৰ বাবে এবিধ খেতি তথা শালি ধানৰ দ্বাৰা মানুহৰ এটা বছৰৰ খাদ্য উৎপাদন কৰিব নোৱাৰা হৈছে । সেয়েহে অসমৰ কেইটামান পৰিয়ালে আৰম্ভ কৰিছিল বড়ো খেতি বুলি ধানৰে এবিধ খেতি । শালি ধানৰ চপোৱাৰ পিছতে বড়ো খেতি কৰা হয় । বড়ো খেতি ৰুৱা হয় পুহৰ শেষৰ ফালে বা মাঘ মাহৰ প্ৰথমতে আৰু এই বড়ো খেতি চপোৱা হয় চ’ত-বহাগ মাহত । শালি ধানৰ লগতে বড়ো ধানেও মিলি এই বিশ্বায়ন কৰণৰ যোগত মানুহক বছৰ যোৰা খাদ্য আগবঢ়াবলৈ সক্ষম হৈছে । অসমৰ বিহু খেতি তথা কৃষিৰ লগত বিশেষ ভাৱে জড়িত । খেতিৰ লগত সংযোগ ৰাখিয়ে অসমৰ জাতীয় উৎসৱ বিহু পতা হয় ।

॥॥॥ জয় আই অসম ॥॥॥
== শ্বেয়াৰ কৰক ==

Post a Comment

3 Comments

Emoji
(y)
:)
:(
hihi
:-)
:D
=D
:-d
;(
;-(
@-)
:P
:o
:>)
(o)
:p
(p)
:-s
(m)
8-)
:-t
:-b
b-(
:-#
=p~
x-)
(k)