NEW!Assamese Video StatusInstall

শিক্ষক দিৱসৰ ভাষণ। শিক্ষক দিৱসৰ দিনা ছাত্ৰছাত্ৰীয়ে ক’ব পৰাকৈ শিক্ষক দিৱসৰ ভাষণ

Place for Ads
শিক্ষক দিৱসৰ দিনা ছাত্ৰছাত্ৰীয়ে ক’ব পৰাকৈ শিক্ষক দিৱসৰ ভাষণ...শিক্ষক দিৱস কিয় পালন কৰা হয়...শিক্ষক দিৱসৰ শুভেচ্ছা বাণী...সৰ্বপল্লী ৰাধাকৃষ্ণণ জীৱনী...শিক্ষক দিৱসৰ তাৎপৰ্য
শিক্ষক দিৱসৰ দিনা ছাত্ৰছাত্ৰীয়ে ক’ব পৰাকৈ শিক্ষক দিৱসৰ ভাষণ

শিক্ষক দিৱসৰ দিনা ছাত্ৰ ছাত্ৰীয়ে ক’ব পৰাকৈ শিক্ষক দিৱসৰ ভাষণ


শ্ৰদ্ধাৰ শিক্ষাগুৰু সকল, মৰমৰ ভাই ভনী, বন্ধু বান্ধৱী সকল, মই শিক্ষক দিৱস উপলক্ষে একাষাৰ ক’ব বিচাৰিছোঁ৷ ভুল হ’লে গুৰু সকলে শুধৰাই দিয়ে যেন৷

   
আমাৰ দেশৰ মহান চিন্তাবিদ, দাৰ্শনিক তথা মহান শিক্ষক ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ দেৱৰ জন্ম হৈছিল ১৮৮৮ চনৰ ৫ চেপ্তেম্বৰ তাৰিখে মাদ্ৰাজৰ তিৰুটানি নামে ঠাইত৷ পিতৃ বীৰ চমাইয়া আৰু মাতৃৰ নাম আছিল সীতাম্মা৷ তেখেতে ৮ বছৰ বয়স লৈকে ঘৰতেই শিক্ষা গ্ৰহণ কৰিছিল৷ ৯ বছৰ বয়সত তিৰুপতিৰ লুথেৰেণ মিছন স্কুলত নাম লগাইছিল ১৮৯৬ চনত৷ তাৰ পাছত ভেলুৰ কলেজ আৰু ১৯০৮ চনলৈকে মাদ্ৰাজৰ খ্ৰীষ্টিয়ান কলেজত শিক্ষা গ্ৰহন কৰে৷ তেখেতে ২০ বছৰ বয়সত থেচিচ লিখি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল৷ তেখেতে বক্তৃতাৰে সকলোকে বিমুগ্ধ কৰিব পাৰিছিল৷ তেখেতক কলিকতা বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ সৰ্ব্বোচ্চ পদ " সম্ৰাট পঞ্চম জৰ্জ আসন" ৰ বাবে মনোনিত কৰা হৈছিল৷

Read also : শিক্ষক দিৱসৰ শুভেচ্ছা বাণী | Teachers day Quotes, Wishes Images in assamese
       
ৰাধাকৃষ্ণণে ১৯৫২ চনৰ পৰা ১৯৫৬ চনলৈ আৰু ১৯৫৭ চনৰ পৰা ১৯৬২ চনলৈকে দুবাৰকৈ ভাৰতৰ উপৰাষ্ট্ৰপতিৰ আসন অলংকৃত কৰে৷ ১৯৬২ চনতেই তেখেতে ৰাষ্ট্ৰপতিৰ আসনো অলংকৃত কৰে৷ সেই সময়তেই তেখেতৰ অগাধ পাণ্ডিত্যৰ বাবে বিশ্বই তেখেতক দাৰ্শনিক আখ্যা দিয়ে৷

       
ড° ৰাধাকৃষ্ণণে অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক, মানচেষ্টাৰ কলেজৰ অধ্যক্ষৰ পদ অলংকৃত কৰাৰ উপৰিও মহিসুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক, অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য, বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ উপৰিও UNESCO ৰ Chairman তথা ১৯৫২ চনত UNESCO ৰ President ৰ পদ অলংকৃত কৰে৷

       
ড° ৰাধাকৃষ্ণণে ভাৰতৰ শিক্ষা ব্যৱস্থাৰ আমোল পৰিবৰ্তন কৰিবলৈ সক্ষম হোৱা বাবে শিক্ষা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি দিয়া হয়৷ তেখেতক ১৯৫৪ চনত " ভাৰত ৰত্ন " সন্মান প্ৰদান কৰা হয়৷

       
ৰাধাকৃষ্ণণে ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ পাছত তেওঁৰ কেইজনমান বন্ধু আৰু ছাত্ৰই তেওঁৰ জন্মদিন পালনৰ অনুমতি বিছাৰিলে৷ তেতিয়া তেওঁ ক’লে যে তেওঁ নিজকে ৰাষ্ট্ৰপতি, দাৰ্শনিক, ৰাজনীতিবিদ হিচাপে পৰিচয় দিয়াতকৈ শিক্ষক হিচাপে পৰিচয় দিবলৈ বেছি ভাল পায়৷ সেইবাবে তেওঁৰ জন্মদিনটো ব্যক্তিগত জন্মদিন হিচাপে পালন নকৰি সমগ্ৰ শিক্ষক সকলৰ প্ৰতি সন্মান আৰু কৃতজ্ঞতা স্বৰূপে শিক্ষক দিৱস হিচাপে উদ্যাপন কৰিলে তেওঁ সুখী হ’ব৷ তেতিয়াৰ পৰাই ৫ চেপ্তেম্বৰ তাৰিখে শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে৷ এই সম্পৰ্কে তেখেতে কোৱা বক্তব্যটো উল্লেখ কৰা হ’ল __ Instead of celebrating my birth day, separately, it would be my proud privilege if September 5th is observed as “ teacher's day” .

     
১৯৭৫ চনৰ ১৭ এপ্ৰিল তাৰিখে মহান দাৰ্শনিক, শিক্ষক ড° ৰাধাকৃষ্ণণে ইহ লীলা সম্বৰণ কৰে৷ 

( শ্বেয়াৰ কৰিব পাৰিব)

== শ্বেয়াৰ কৰক ==

Read also : শিক্ষক দিৱসৰ কবিতা | Teachers day assamese poem

Happy Teachers Day Assamese Images

শিক্ষক দিৱসৰ শুভেচ্ছা বাণী | Teachers day quotes in assamese
শিক্ষক দিৱসৰ শুভেচ্ছা বাণী | Teachers day quotes in assamese
শিক্ষক দিৱসৰ শুভেচ্ছা বাণী | Teachers day quotes in assamese
শিক্ষক দিৱসৰ শুভেচ্ছা বাণী | Teachers day quotes in assamese

শিক্ষক দিৱসৰ বক্তৃতা


শিক্ষক দিৱসৰ বক্তৃতা...Teachers day speech for student in assamese language...শিক্ষক দিৱস উপলক্ষে ভাষণ... শিক্ষক দিৱসৰ ভাষণ...
শিক্ষক দিৱসৰ বক্তৃতা | শিক্ষক দিৱসৰ ভাষণ

গুৰু ব্ৰক্ষ্মা, গুৰু বিষ্ণু,
গুৰু দেৱ মহেশ্বৰ
গুৰু সাক্ষাৎ পৰমব্ৰক্ষ্ম
তস্মৈশ্ৰী গুৰুৱে নম: ৷৷

ব্ৰক্ষ্মা,বিষ্ণু,মহেশ্বৰৰ ৰূপত চিৰকাল সমভাৱে অলংকৃত হৈ আহিছে দেশৰ ভৱিষ্যত সকলৰ জীৱন দ্ৰষ্টা আৰু গঢ়োতা শিক্ষাগুৰু সকল। শিক্ষকৰ জ্ঞান অমৃত সমৃদ্ধ মহাবাণী আৰু মহান আদৰ্শৰে মহীয়ান হয় একো একোখন দেশৰ ভৱিষ্যত। প্ৰকৃত শিক্ষক ত্যাগ আৰু জ্ঞানৰ প্ৰতিমূৰ্তি স্বৰূপ। সেয়েহে শিক্ষক যুগে যুগে বন্দিত আৰু সমাদৃত।

আজি শিক্ষক দিৱসৰ মধুৰ ক্ষণত, "হে শিক্ষাগুৰু" আপোনালোকৰ চৰণত সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ তথা সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। আপোনালোকে প্ৰজ্ঞাৰ বীজ যুগে যুগে সিঁচি যাওঁক আৰু সেই প্ৰজ্ঞাৰ বীজৰ পৰা প্ৰস্ফুটিত হওঁক মূল্যবোধ, অহিংসা, শান্তি -সম্প্ৰীতি, একতা ইত্যাদিৰে সম্বৃদ্ধ সমাজ,জাতি আৰু দেশ। 

== শ্বেয়াৰ কৰক ==


শিক্ষক দিৱসৰ শুভেচ্ছা বাণী


জ্ঞানমূলক শিক্ষাদানে আমাৰ জীৱন পোহৰ কৰি তোলে। সেইসকল পূজনীয় শিক্ষাগুৰুলৈ সশ্ৰদ্ধাৰে শিক্ষক দিৱসৰ বহু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো।

শিক্ষক দিৱস উপলক্ষে ভাষণ




আজি ৫ ছেপ্টেম্বৰ ড . সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন । সেয়েহে সমগ্ৰ ভাৰতবৰ্ষতে আজি তেওঁৰ জন্মদিনটো ‘শিক্ষক দিৱস’ হিচাপে উদযাপন কৰিছে । এই শুভক্ষণতে মই সেই সকল শিক্ষা গুৰুক শ্ৰদ্ধা নিবেদিব খুজিছোঁ যিসকলে মোক হাতত ধৰি পোহৰৰ বাট দেখু

শিক্ষা সমাজ সংস্কাৰৰ ঘাই শিপা জাতিৰ মেৰুদণ্ড | সমাজ সংস্কাৰ কৰি জাতিৰ মেৰুদণ্ড পোনাই ৰাখিবলৈ জাতিয়ে শিক্ষক সমাজক গুৰুত্ব দিয়া উচিত |

আজি শিক্ষক দিৱসৰ দিনা ড.সৰ্বপল্লী ৰাধাকৃষ্ণণক শ্ৰদ্ধাৰে সোঁৱৰাৰ লগতে দেশৰ
শিক্ষক সমাজক শতকৌটি প্ৰণাম

ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ

মহান শিক্ষাবিদ ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ

১৮৮৮ চনৰ ৫ চেপ্তেম্বৰ তাৰিখে মাদ্ৰাজৰ (বৰ্তমানে চেন্নাই)পৰা চাৰিশ মাইল দূৰত থকা তিৰুতানি নামে সৰু চহৰ এখনত এইজনা যুগনায়ক তথা মহান শিক্ষাবিদৰ জন্ম হয় ।তেখেতৰ পিতাক সৰ্বপল্লী বীৰস্বামীয়ে স্থানীয় এজন জমীদাৰৰ অধীনত ৰাজহ কৰ্মচাৰী আছিল আৰু ড° ৰাধাকৃষ্ণন আছিল তেখেতৰ দ্বিতীয় সন্তান । তেখেতৰ নামৰ আগত লিখা ‘সৰ্বপল্লী’ উপাধিটো পৰম্পৰাগত ভাৱে পোৱা । হয়তো, তেখেতে জন্ম লোৱা গাঁওখনৰ নাম । এটা নৈষ্ঠিক ব্ৰাহ্মণ পৰিয়ালত জন্ম হোৱাৰ সূত্ৰে শিশু ৰাধাকৃষ্ণনেও পৰম্পৰাগত ভাৱে মানি অহা বিভিন্ন নীতি-নিয়ম নিৰ্বিবাদে মানি চলিছিল ।
১৮৯৬ চনত (আঠ বছৰ বয়সত) তিৰোপতিৰ লুথেৰাণ মিশ্যন স্কুলত তেখেতক নাম লগাই দিয়া হয় ।১৯০০ চনত লুথেৰাণ মিশ্যন হাইস্কুলৰ পৰা উত্তীৰ্ণ হৈ ভেলোৰ কলেজত নামভৰ্ত্তী কৰি ১৯০৪ চনত সুখ্যাতিৰে উত্তীৰ্ণ হয় আৰু দৰ্শনক মুখ্য বিষয় হিচাপে লৈ মাদ্ৰাজ খ্ৰীষ্টান নাম ভৰ্ত্তী কৰে আৰু তাৰপৰা মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰি স্নাতক ডিগ্ৰী লাভ কৰে । অভাৱ-অনাটনে জুৰুলা কৰা পৰিয়ালটোত জন্ম লোৱা এইগৰাকী মহান পণ্ডিতে ইয়াৰ পাছত স্নাতকোত্তৰ শ্ৰেণী নামভৰ্ত্তী কৰে । বিশ্ববিদ্যালয়ৰ পৰা ২৫ টকাকৈ বৃত্তি লাভ কৰাৰ লগতে সেইসময়ত তেওঁ ঘৰুৱা শিক্ষকতাৰ কাম কৰি পঢ়াৰ খৰচ উলিয়াইছিল ।পঢ়ি থকাৰ সময়তে তেখেতে ‘ETHICS of VEDANTA’ শিৰ্ষক এখন মৌলিক গ্ৰন্থ প্ৰকাশ কৰে যিখন, ১৯০৮ চনত বিশ্ববিদ্যালয়ে ‘ETHICS of VEDANTA and ITS MATAPHYSICAL PRESUPPOSITIONS’ নামেৰে প্ৰকাশ কৰে । ১৯০৯ চনত তেখেতে মাদ্ৰাজ প্ৰেসিডেন্সী কলেজত অধ্যাপক হিচাপে নিযুক্ত হয় । ১৯১০ চনত পণ্ডিত সৰ্বপল্লী ৰাধাকৃষ্ণণে ‘ESSENTIALS of PHYCHOLOGY’ নামৰ এখন কিতাপ ৰচনা কৰে । ১৯১২ চনত অক্সফোৰ্ড ইউনিভাৰচিটি প্ৰেছে কিতাপখন প্ৰকাশ কৰিছিল । ১৯১৮ চনত ৰাধাকৃষ্ণণে মহীশূৰ বিশ্ববিদ্যালয়ত দৰ্শনৰ অধ্যাপক ৰূপে নিযুক্তি পায় । ১৯২১ চনত চাৰ আশুতোষ মুখোপাধ্যায়ৰ আমন্ত্ৰণক্ৰমে ৰাধাকৃষ্ণণে কলিকতা বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ সৰ্বোচ্চ পদত যোগদান কৰে । ১৯৩১ চনত ৰাধাকৃষ্ণণে অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ পদ অলংকৃত কৰে । ১৯৩৬ চনত ৰাধাকৃষ্ণণে তিনিবছৰৰ বাবে অক্সফোৰ্ড বিশ্ববিদ্যালয়লৈ যায় আৰু তাত SPALDING PROFESSOR of EASTERN RELIGIONS পদত অধিষ্ঠিত হয় । পণ্ডিত মদন মোহন মালব্য আৰু মহাত্মা আমন্ত্ৰণত ৰাধাকৃষ্ণণ ভাৰতলৈ ওভটি আহে আৰু বেনাৰস বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদ অলংকৃত কৰে । ১৯৪৯ চনত চোভিয়েট ৰাচিয়াৰত ভাৰতৰ ৰাষ্ট্ৰ্দূত হিচাপে অধিষ্ঠিত হৈ ৰাজনৈতিক জীৱনৰ পাতনি মেলে । তেখেত ৰাষ্ট্ৰসংঘত ভাৰতীয় প্ৰতিনিধি হৈ থকাৰ লগতে UNESCO ৰ উপ-সভাপতি হৈও আছিল । ১৯৫২ চনত তেখেত ভাৰতৰ উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় । ১৯৫৪ চনত তেখেতক ‘ভাৰত-ৰত্ন’ উপাধিৰে বিভূষিত কৰা হয় । ১৯৬২ চনত তেখেত ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয় । ১৯৬৭ চনৰ ৯ মে’ তাৰিখে তেখেতে কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে । ১৯৬৮ চনত তেওঁক সাহিত্য একাডেমী ফেল’শ্বিপ দিয়া হয় । ১৯৭৫ চনত অসুস্থ অৱস্থাত তেখেতলৈ TEMPLETON পুৰস্কাৰৰ কথা ঘোষণা কৰা হয় । ১৯৭৫ চনৰ ১৬ এপ্ৰিল তাৰিখে নিশা ১২ বাজি ৪৫ মিনিটত এইগৰাকী মহান পণ্ডিতে ইহলীলা সম্বৰণ কৰে ।

== শ্বেয়াৰ কৰক ==

Post a Comment

1 Comments

Emoji
(y)
:)
:(
hihi
:-)
:D
=D
:-d
;(
;-(
@-)
:P
:o
:>)
(o)
:p
(p)
:-s
(m)
8-)
:-t
:-b
b-(
:-#
=p~
x-)
(k)