NEW!Assamese Video StatusInstall

Mothers day quotes in assamese ।। Whatsapp status for mother in assamese language.

Place for Ads Android Developer in Assam

Mothers day quotes in assamese



mothers day quotes in assamese


MAA*...👨‍👧

💐💐💐💐💐💐💐
  দেউতাই যেতিয়া গালি পাৰি থাকে,তেতিয়া এজনে
মনে মনে খং কৰি থাকে
সেইজনেই *Maa*...
💐💐💐💐💐💐💐

🍂🍂🍂🍂🍂🍂🍂
যেতিয়া গভীৰ নিদ্ৰাত থাকোঁ, মনে মনে মূৰত হাত বোলাই দিয়াজনেই *MAA*.......
🍂🍂🍂🍂🍂🍂🍂

🍁🍁🍁🍁🍁🍁🍁
ৰাতিপুৱা যেতিয়া শুই উঠো মই তাৰ আগতেই নিজৰ কৰ্তব্যত ব্যস্ত হোৱা জনেই *MAA*....
🍁🍁🍁🍁🍁🍁🍁

🌾🌾🌾🌾🌾🌾🌾
নিজে ফলা খৰিত ৰান্ধি
নিজৰ কৰ্তব্য কৰে কিন্তু,
মোক গেছত ৰান্ধিবলৈ দিয়াজনেই *MAA*.....
🌾🌾🌾🌾🌾🌾🌾

🌺🌺🌺🌺🌺🌺🌺
সপোন মই দেখিছো কিন্তু, সপোনটো পুৰণ কৰিবলৈ
সকলো সুবিধা কৰি
দিয়াজনেই *MAA*....
🌺🌺🌺🌺🌺🌺🌺

🍃🍃🍃🍃🍃🍃🍃
নিজৰ সুখত মই হাঁহিছো,মোৰ মুখত হাঁহি দেখি নিজৰ দুখ পাহৰা জনেই *MAA*.......
🍃🍃🍃🍃🍃🍃🍃

🌿🌿🌿🌿🌿🌿🌿
মোতকৈ আহাৰৰ বেছি প্ৰয়োজন, কিন্তু নিজে নাখাই মোক খুউৱা জনেই *MAA*..........
🌿🌿🌿🌿🌿🌿🌿

🌸🌸🌸🌸🌸🌸🌸
তেওঁক পোৱাৰ কাৰণে মই আনন্দ কৰিব লাগে,কিন্তু মই জন্ম হঁওতে আনন্দ কৰা জনেই *MAA*.....
🌸🌸🌸🌸🌸🌸🌸

🌼🌼🌼🌼🌼🌼🌼
টকাৰ বাহিৰে একোৱে নাই বৰ্তমান পৃথিৱীত,কিন্তু মোৰ টকাৰ অভাৱ গুচাবলৈ দেউতাৰ পৰা টকা ধাৰ কৰা জনেই *MAA*......
🌼🌼🌼🌼🌼🌼🌼

🥀🥀🥀🥀🥀🥀🥀
এজোপা গছে নিজৰ ফল খাব নোৱাৰে সেয়েহে আমাক দিয়ে, কিন্তু নিজৰ পেট খালি কৰি মোক খাবলৈ দিয়াজনেই *MAA*.....
🥀🥀🥀🥀🥀🥀🥀

মই তেওঁৰ সন্তান-- এই কথাষাৰ সাৰ্থক কৰিব পাৰিম নে নাই নেজানো, কিন্তু কোনো স্বাৰ্থৰ অবিহনে *''MAA''* শব্দটো সাৰ্থক কৰি যোৱা জনেই *MAA*..........

( এই মেছেজটো সিমান শ্বেয়াৰ কৰক যিমান আপুনি আপোনাৰ MAA ক ভাল পায় আৰু শ্ৰদ্ধা কৰে ......)


মাতৃ দিৱসৰ শুভেচ্ছা

সকলো সুখ-দুখত সংগী হৈ নিজৰ হাজাৰ কষ্টক ঢাকি ৰাখি তোমাক মৰমেৰে আৱৰি ৰখা মানুহ গৰাকীয়েই হৈছে,
তোমাৰ মা ।


Assamese Mother Quotes

ভালপোৱা সঁচাকৈয়ে অন্ধ হয় ,
কাৰণ, আমাৰ মায়েও আমাক নেদেখাকৈয়ে ভাল পাবলৈ আৰম্ভ কৰি দিছিল ।


Assamese Mother Quotes

মই অজ্ঞানী হব পাৰো, বুৰ্বুক হব পাৰো,
অবুজ হব পাৰো, অখ্যাত হব পাৰো,
ক'লা হব পাৰো,
কিন্তু মোৰ মা'ৰ বাবে, মইয়ে শ্রেষ্ঠ সন্তান ।


মাতৃ দিৱসৰ শুভেচ্ছা বাণী

মা দেউতাই দিয়া সংস্কাৰৰ ওচৰত মই পৰাধীন,
নতুবা,
মানুহক সিহঁতৰ উপযুক্ত ঠাই চিনাকি কৰি দিব পৰা সাহস মোৰো আছে ।


সকলোলৈ মাতৃ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ।।
🙏🙏


মাতৃ দিৱসৰ শুভেচ্ছা জনালোঁ পৃথিৱীৰ সকলো মা ক😍😍


"মাঁ "এটা শব্দ যত লুকাই আছে মৰমৰ এখন পৃথিৱী । মাতৃ দিৱসৰ শুভেচ্ছা মোৰ মাৰ লগতে প্ৰতি গৰাকী আই মাতৃলৈ থাকিল ।


মোৰ মৰমৰ মা আৰু সকলো মাতৃলৈ মাতৃ দিৱসৰ বহুত শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলো।


প্ৰতিজনী মাতৃ‌কে মাতৃ‌ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলো লগতে প্ৰতিজন পুত্ৰকে মানসিকতা পৰিবৰ্তন কৰিবলৈ আহ্বান জনালোঁ


👏সকলো মাতৃ লৈ মাতৃ দিৱসৰ দিনটোত হিয়া উজাৰি শুভেচ্ছা জনালোঁ 👏 মা তুমি অনন্যা


Mother Day Status in Assamese


আন্তৰ্জাতিক মাতৃ দিৱসৰ শুভেচ্ছা সকলো মাতৃলৈ জনালোঁ।


মাতৃ দিৱসৰ কবিতা
আজি মাতৃ দিৱস।।
মোৰ মাঁ নাই তথাপি প্ৰতি পলে অনুভৱ কৰোঁ তেওঁ মোৰ চৌপাশ আৱৰি আছে ।।।
মাতৃ দিৱসৰ আন্তৰিক শুভেচ্ছা, ও শ্ৰদ্ধা জনাইছোঁ সকলোকে।
মাঁ
মাঁ দুনাই নকওঁ তোমাক ভাল পাওঁ বুলি
মাথো কঢ়িয়াই ফুৰো
মৌ সনা মাতৰ বৰ্ষা অৰণ্য
উমাল বুকুৰ আভিজাত্য
তোমাৰ
আঙূলিৰ পাবত গজি উঠা
মাধবী লতাই
মোৰ আত্ম বিশ্বাস
কোনে কয়
তুমি নাই
তুমি নাই
মই জানো
তুমি মোৰ আভ্যন্তৰৰ
সমস্ত কোঠাৰ ৰেঙনি
চকু মুদিলেই দেখা পাওঁ
তোমাৰ
সুখঁৰ চকুত দুখঁৰ চকুত
ফুলি উঠা মৰুৰ ফুল
বুকুত গছি উঠা
গধূলি গোপাল
থাপনাৰ কাকূতি
নখচুকাত লাগি ৰোৱা বোকাৰ ছবি,,,
আমি হেনো
নদী বুকুত জী থকা মাছ
জীৱনৰ সতে সহযাত্ৰী হৈ"
জী আছো,
জী থাকো তোমাৰ
পঢ়াশালিৰ পাঠ লৈ;
তোমাৰ সুবাসৰ ফুল
মোৰ প্ৰিয় ফুল
তোমাৰ গানেই মোৰ প্ৰিয় গান
মোৰ প্ৰিয় ছবি!!
তোমাৰ থাপনাৰ নতশিৰ
তুমিয়ে মোৰ
গৰিয়সী স্বৰ্গাদপী
জনমে জনমে
তোমাৰ বুকুৰ অমৃত পিয়াসী মই
তুমিয়ে মোৰ অৰণ্য,,
তুমিয়ে মোৰ আকাশ'
তুমিয়ে মোৰ সন্ধানী পথৰ
আলোকৰ সহযাত্ৰী ।।।।।।


আইৰ সমান হ ব কোন নৈৰ সমান বব কোন।
হে মা তুমি যুগ যুগ জীয়াই থাকা 👏👏

Assamese poem on mother

( সকলোকে মাতৃ দিৱসৰ শুভেচ্ছা জনাই কবি উজ্জ্বল পাওগামৰ "মা" কবিতাটো আগবঢ়াই দিলো ।)
[পঢ়ক আৰু আনকো পঢ়িব দিয়ক]
.
.
মা
কবিঃ উজ্জ্বল পাওগাম
.
.
মোৰ দুখত তেওঁ হাহাকাৰ কৰি উঠে
মোৰ সুখৰ বাবে প্ৰতিদিন দুহাত ওপৰলৈ ডাঙে

মই উজুতি খালে তেওঁৰ চকুলো নিগৰে
মোৰ কষ্ট হ’লে যন্ত্ৰণাদগ্ধ হয় তেওঁৰ হৃদয়

মোৰ চুলিৰ অৰণ্যত তেওঁৰ হাতৰ আঙুলি নাচে
মোৰ নিশ্বাস
মোৰ স্পৰ্শত
তেওঁ নিজকে হেৰুৱাই পেলাই

তেওঁ এতিয়াও গুণগুণাই গায়
‘আমাৰে মইনা শুবহে
বাৰিতে বগৰি ৰুব এ
বাৰীৰে বগৰি পকি সৰি গ’লে...’

তেওঁ মোৰ দুচকুত সপোন দেখে
মোক এক সজীৱ সপোনৰ বাবে
মোক এক ধুনীয়া পৃথিৱীৰ বাবে
প্ৰস্তুত কৰাত ব্যস্তহৈ পৰে

তেওঁ মোৰ মা
তেওঁ মোক কৈছিল- এইটো জুই নুচুবি
পুৰিব। কষ্ট পাবি
এইফালে আন্ধাৰ, পোহৰৰ দিশে যা
আন্ধাৰে সহজতে আঁকোৱালী ল’ব তোক

তেওঁৰ নাচিল কোনো উচ্চ ডিগ্ৰী, ডিপ্লমা
কিন্তু তেৱেঁই মোক পঢ়াইছিল
জীৱনৰ শ্ৰেষ্ঠতম পাঠ
তেৱেঁই মোক দেখুৱাইছিল
পোহৰৰ বাট

তেওঁৰ বাবে শুদ্ধ
তেওঁৰ বাবে মই বুদ্ধ
তেওঁৰ বাবে মই। মই আৰু মই
মোক বেয়া বুলি ক’লে
ঈশ্বৰো সাৰি যাব নোৱাৰে

মোৰ বাবে তেওঁ হৈছিল সন্ন্যাসিনী
মোৰ বাবে পাৰ কৰিছিল
বহু উজাগৰী লঘোনীয়া ৰাতি...
কিয়নো ময়েই আছিলো তেওঁৰ
সাহস আৰু ভৱিষ্যত

তেওঁক দুখ দি দি মই ভাগৰি পৰা নাই
দুখ সহি সহি মোৰ কাৰণে সুখ কামনা কৰি
তেওঁ সাৰ মনা নাই

তেওঁ মোক মানুহ কৰিব বিচাৰিছিল
আৰু মই অমানুহৰ ভিৰত হেৰাই গৈছো....।

mothers day quotes in assamese
assamese heart touching quotes
মাতৃ অদ্বিতীয় , মাৰ সমান কোনো হ'ব নোৱাৰে এই বিশ্বত । মোৰ নিজ মাতৃৰ লগতে বিশ্বৰ সকলো মাতৃলৈকে সন্মান,মৰম আৰু শ্ৰদ্ধা নিবেদিছো ।

assamese quotes on life
assamese quotes for whatsapp
assamese status for whatsapp

== শ্বেয়াৰ কৰক ==

Post a Comment

0 Comments