NEW!Assamese Video StatusInstall

Assamese Love Story : সঁচা মৰম আৰু ভালপোৱা।

Place for Ads
Assamese Love Story

সঁচা মৰম আৰু ভালপোৱা,,
মিঠা অভিমানৰ এটি মুহুৰ্ত,,
সেইদিনা বৰষুণ দি আছিল,হঠাৎ তাই phone কৰিল…
তাই:- কি কৰিছা??
মই:- শুই শুই তোমাৰ কথাকে ভাবি আছো…তুমি?
তাই:- এনেয়ে তোমাৰ কথা মনত পৰিল so……কি ভাবি আছা?
মই:- তোমাক বহুত ভাল লাগে ।
তাই:- মোৰও তোমাক বহুত ভাল লাগে…কলেজত গৈছিলা?
মই:-উমম…তুমি?
তাই:-নাই…কলেজত কিযানি ছোৱালীয়ে চাই থকা…?
মই:-নাচাওঁ অ…তুমি চোন আছায়ে…।
তাই:-চোৱা যদি চাবা…এইটো বয়সতে enjoy কৰা…কেৱল মোক নাপাহৰিবা,এইখিনিয়ে তোমাৰ পৰা মই বিছাৰো…।
মই:-উমম…frnds লগত কেতিয়াবা ছোৱালী জকাম হা…।
তাই:-উমম জকাবা…কিন্তু মোক পাহৰিলে কোবাম ।
মই:-উমম হ'ব দে ।
তাই:-তুমি আমাৰ relation টো যেনেকৈ বিছৰা চব তোমাৰ মতে হ'ব ।
মই:-হয় নেকি?
তাই:-তোমাৰ কথা সকলো শুনিম,তুমি যি কোৱা……!
মই:-উমমম………!! দেহ এটা গান গোৱাচোন নহ'লে…।
তাই:- গান গাব নোৱাৰো অ…লাজ লাগে…।
মই:-ওহহ…মোকে যদি লাজ কৰা কি হ'ব…!মোৰ কথা নুশুনা দে,এনে কোৱা।
তাই:-কিয় এনেকা কৰা…?ইচচ অলপ বেছি কৰা দে…।
মই:-ওহহ…মইয়ে বেছি কৰিলো?দেহ……!
তাই:-উমম…বেলেগ কোৱাচোন শুনো নে নুশুনো গম পাবা ।
মই:-উমম বৰষূণত তিতি আহা নহ'লে ৫মিনিট…!
তাই:-(কান্দি কান্দি)কিয় এনেকা কৰা অ…অলপো দয়া মায়া নাই নে……!!
মই:-উমম দেহ গম পালো……!
তাই:-দেহ হ'ব ৫ মিনিট ৰবা আহি আছো হা…তুমি ইমান বদমাচ কিবা ।
মই:-হি হি………
তাই:- আৰু হাঁহিছা ? নাযাওঁ মই…
মই:-অ নহয় অ বেলেগ এটা কথা মনত পৰিছিল ।
তাই:-উমম…দেহ…যাওঁ……
তাই সচাকৈয়ে তিতিব গ'ল…তাই মোক কেতিয়াও মিছা কথা নকয়……তিতি অহাৰ পিছত……
তাই:-আহিলো…শান্তি হৈছে এতিয়া?
মই:-ওহ আহিলা নেকি ? মইতো দেখা নাই…বাৰাণ্ডাৰ পৰা আহি মিছাকে কৈছা…।
তাই:-(কান্দি কান্দি)ইমান কষ্ট কৰিলো আৰু মিছাকে কোৱা বুলি কোৱা…তোমাক মই শান্তি কৰিব নোৱাৰো দে……!
মই:-উমম…গান গোৱাচোন শান্তি কৰিব পাৰা নে নোৱাৰা চোৱা ।
তাই:-আৰু হ'ল?
মই:-উমম…নুশুনা দে……
তাই:-তোমাক মই……!!মই কাৰনেহে…এজনীয়ে দিছে নহয়,ভৰিত ধৰিবহে বাকী আছিল……!!
মই:-নগোৱা ন?
ছো:(খঙত) শুনা…তুমি মোক মাৰিবা…
আজি কিয় হিয়া কপে,
আকি কিয় মনে নাচে
………………………………
দিন জ্বলে ৰাতি জ্বলে………
মই:- waoo...বহুহুহুহুত ধুনিয়া হৈছে…মোৰ কথা শুনা দে ।।
তাই:-(অভিমানেৰে)তোমাক মই নামাতো আৰু…তোমাৰ লগত কথাও নাপাতো ।
মই:-(মৰমেৰে) ওহহ মোৰ সোনজনী…তুমি নামাতিলে কাৰ লগত এনেকৈ ধেমালি কৰিম…কোনে বুজি পাব ইমান…মাতিবা হা…
তাই:-ঐ দেউতা আহিছে থোৱা থোৱা……।।
এই আজলীজনীৰ লগত

-ৰাহুল দাস (কাহিনীটো মোৰ)
(ভাল লাগিলে জনাবলৈ নাপাহৰিব) 
== শ্বেয়াৰ কৰক ==

Post a Comment

7 Comments

Emoji
(y)
:)
:(
hihi
:-)
:D
=D
:-d
;(
;-(
@-)
:P
:o
:>)
(o)
:p
(p)
:-s
(m)
8-)
:-t
:-b
b-(
:-#
=p~
x-)
(k)