NEW!Assamese Video StatusInstall

স্বাধীনতা দিৱসৰ ভাষণ | Independence Day Speech In Assamese language

Place for Ads Android Developer in Assam
Independence Day Speech In Assamese language

স্বাধীনতা দিৱসৰ ভাষণ | Independence Day Speech In Assamese language



১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনাখন ভাৰতবৰ্ষই প্ৰায় ২০০ বছৰীয়া ব্ৰিটিচ শাসন-শোষণৰ পৰা মুক্তি লাভ কৰে৷ তেতিয়াৰে পৰা প্ৰতিবছৰে ১৫ আগষ্টৰ দিনটো সমগ্ৰ দেশতে ‘স্বাধীনতা দিৱস’ হিচাপে যথেষ্ট উলহ-মালহেৰে পালন কৰা হয়৷ ই আমাৰ ‘সৰ্বশ্ৰেষ্ঠ’ তথা ‘পৱিত্ৰতম’ ৰাষ্ট্ৰীয় উৎসৱ৷ ভাৰত/ভাৰতীয়ৰ গৌৰৱৰ প্ৰতীক৷ কিন্তু …..

অসম আন্দোলনৰ দিন ধৰি স্বাধীনতা দিৱস,গণতন্ত্ৰ দিৱসৰ দৰে মহান ৰাষ্ট্ৰীয় উৎসৱ উদযাপন কৰাৰ পৰা অসমৰ ৰাইজক বঞ্চিত[বন্ধ/বৰ্জন ঘোষণা…প্ৰশাসনে বাধ্য হৈ গ্ৰহণ কৰা কঠোৰ(?)নিৰাপত্তা ব্যৱস্থা,] কৰি অহা হৈছে৷ ই কোনো বিশেষত্ব/তাৎপৰ্য হীন কেৱল গতানুগতিক চৰকাৰী দিৱসহে – বহুতৰে মনত এনে ধাৰণাৰ সৃষ্টি হৈছে৷ নতুন প্ৰজন্মইতো কেৱল কিতাপৰ পাতত পঢ়াৰ বাহিৰে এই দিৱসৰ তাৎপৰ্য উপলব্ধি কৰিবলৈ সুযোগেই পোৱা নাই৷ দীঘলীয়া সংগ্ৰাম, সহস্ৰ-লক্ষ জনৰ ত্যাগ,বলিদানৰ বিনিময়তহে যে আমি ‘স্বাধীনতা’ লাভ কৰিবলৈ সক্ষম হৈছোঁ – সেই কথা আজি উপলব্ধি কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে৷ লক্ষ্মীবাই, মংগল পাণ্ডে, ভগত সিং, মহাত্মা গান্ধী,নেতাজী, জৱাহৰলাল, চৰ্দাৰ পেটেল, আবুল কালাম আজাদ আদিৰ লগতে গোপীনাথ বৰদলৈ, তৰুণৰাম ফুকন, কুশল কোঁৱৰ, কনকলতা,…আৰু বহুতো খ্যাত-অখ্যাত দেশপ্ৰেমিকে ৰোপণ/প্ৰতিপালন কৰা বীজৰ ‘ফল’ আজি আমি ভোগ কৰিবলৈ সক্ষম হৈছোঁ৷

দেশৰ স্বাধীনতা/স্বাধীনতা দিৱস/ৰাষ্ট্ৰীয় পতাকাক অপমান কৰাৰ অৰ্থ এই ছহিদসকলকে অপমান কৰা নহয় জানো? নমস্য মুক্তি যুঁজাৰুসকলৰ পৱিত্ৰ স্মৃতি জড়িত এই দিৱসৰ দিনা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি তেখেতসকলক শ্ৰদ্ধাৰে সুঁৱৰি, কৃতজ্ঞতা জনাই, তেখেতসকলৰ পথ অনুসৰণ কৰি, প্ৰত্যেকেই সৰু-বৰ, ব্যক্তিগত-ৰাজহুৱা কাম নিষ্ঠা আৰু সততাৰে সম্পাদন কৰাৰ, দেশৰ সৰ্বাংগিন উন্নতিৰ হকে আত্মনিয়োগ কৰাৰ সংকল্প ল’ব লাগিব৷ তেখেতসকলৰ প্ৰকৃত উত্তৰাধিকাৰী হ’বলৈ চেষ্টা কৰিব লাগিব৷ আমি সকলোৱে গভীৰ আত্মবিশ্লেষণ কৰিব লাগিব৷ বিগত বছৰবোৰত কৰি অহা ভুল-ত্ৰুটিবোৰৰ যাতে পুনৰাবৃত্তি নহয়,তাৰ প্ৰতি সচেষ্ট হ’ব লাগিব৷

কষ্টাৰ্জিত স্বাধীনতা লাভৰ কাৰ্যসূচী পালনৰ পৰা ৰাইজক বঞ্চিত কৰাৰ অথবা এই দিৱসক/ৰাষ্ট্ৰীয় পতাকাক অসন্মান/অপমান/অৱমাননা/তুচ্ছ-তাচ্ছিল্য কৰাৰ অধিকাৰ কাৰোৱেই নাই৷ সন্ত্ৰাসবাদী/বিচ্ছিন্নতাবাদী/দেশদ্ৰোহী বোৰৰ কথা সুকীয়া,কিন্তু আমি যিসকলে নিজকে দেশপ্ৰেমিক,ভাৰতীয় তথা ৰাষ্ট্ৰবাদীৰূপে গণ্য/গৌৰৱ কৰোঁ,তেওঁলোকে স্বাধীনতা দিৱস আৰু ৰাষ্ট্ৰীয় পতাকাখনৰ তাৎপৰ্য/মৰ্যাদা বুজি পোৱা/ৰক্ষা কৰা উচিত৷ মোৰ বিচাৰত দেশৰ তিনি বৰণীয়া ৰাষ্ট্ৰীয় পতাকা ‘ত্ৰিৰংগা’ খন আন যিকোনো পতাকাতকৈ শ্ৰেষ্ঠ আৰু ইয়াৰ সন্মান/গৌৰৱ ৰক্ষা কৰাটো প্ৰতিগৰাকী দেশবাসীৰে পৱিত্ৰ কৰ্তব্য৷

স্বাধীনতা দিৱস চৰকাৰ(অথবা কোনো দল-সংগঠন)ৰ পৈত্ৰিক সম্পত্তি নহয়৷ এই দিৱস ভাৰতবাসীৰ উমৈহতীয়া সম্পদ৷ সেয়ে,ৰাষ্ট্ৰীয় পতাকা উত্তোলনেৰে স্বাধীনতা দিৱস পালনৰ লগত চৰকাৰ/শাসকক একাকাৰ কৰাটোও অযুক্তিকৰ৷ দেশ/ৰাইজৰ দুৰৱস্থা,শোষণ-বঞ্চনা আদিৰ বাবে ‘স্বাধীনতা দিৱস’ক দায়ী কৰাটো তাতোকৈ অযুক্তিকৰ৷ এই দিৱসক কোনো কাৰণতেই চৰকাৰ(বা অমুক-তমুক)ৰ বিৰুদ্ধে ক্ষোভ পালনৰ (এই প্ৰতিবাদ/বিক্ষোভ/ধৰ্মঘট/আন্দোলন আদিও শুভ-ফলদায়কহে হ’ব নালাগে জানো?) দিন ৰূপে ‘ব্যৱহাৰ’ কৰাটোও উচিত নহয়৷ যিসকল সাধাৰণ ৰাইজক বিচ্ছিন্নতাবাদী,তথাকথিত জাতীয়তাবাদীয়ে বিভ্ৰান্ত কৰিছে,সেইসকলক স্বাধীনতা দিৱসৰ প্ৰকৃত তাৎপৰ্য সম্পৰ্কে জ্ঞান প্ৰদান কৰাটো আমাৰেই দায়িত্ব৷
বিজিত কলিতা:

#IndependenceDaySpeechInAssamese
#AssameseIndependenceDaySpeech

স্বাধীনতা দিৱসৰ শুভেচ্ছা | Independence Day Wishes, Quotes, Greetings In Assamese language


Happy Independence Day Shayari 2019 Quotes Sms Wishes in Assamese... স্বাধীনতা দিৱসৰ শুভেচ্ছা বাণী... 15 August Independence Day Images in Assamese with Shayari...
independence Day quotes in assamese

assamese independence day quotes

assamese quotes for facebook

assamese quotes for whatsapp

assamese heart touching quotes

assamese friendship quotes

assamese quotes about life

republic day quotes in assamese

happy independence day in assamese

Independence day wishes in assamese

independence day speech in assamese language

independence day essay in assamese language

15 August Independence day speech in assamese

essay on independence day in assamese language


15 August Independence Day Images in Assamese with Shayari


Happy Independence Day Shayari 2019 in Assamese


নুসুধিবা আমাক,
আমাৰ কাহিনী,
আমাৰ পৰিচয় মাথোঁ এটাই,
আমি সকলো হিন্দুস্হানী -
"স্বাধীনতা দিৱস"ৰ শুভেচ্ছা যাঁচিলো ।

Heart Touching 15 August Independence Day Sms Text in Assamese

🇮🇳 তেজেৰে ফাকু খেলিম,
যদি প্ৰয়োজন ভাৰতৰ বাবে,
বকুত অগনি জ্বলাম,
যদি প্ৰয়োজন ভাৰতৰ বাবে,
আহক সকলোৱে ভাৰত মাতা'ক জনাওঁ প্ৰণাম,
ভাৰত দেশ মহান - ১৫ আগষ্ট ২০১৯,
"স্বাধীনতা দিৱস"ৰ শুভেচ্ছা যাঁচিলো ।


🇮🇳 ভাষা অনেক, ধৰ্ম অনেক,
বিভিন্ন প্ৰান্ত, বিভিন্ন পৰিৱেশ,
কিন্তু সকলোৰে এটাই গৌৰৱ,
ৰাষ্ট্ৰীয় ধ্বজ্ ত্ৰিৰংগা শ্রেষ্ঠ -- ১৫ আগষ্ট ২০১৯,
"স্বাধীনতা দিৱস"ৰ শুভেচ্ছা যাঁচিলো ।


এই কথা বতাহক কৈ থবা,
পোহৰ হ'ব, দীপক জ্বলাই থবা,
ৰক্ত বোৱাই যাৰ সন্মান বচালোঁ,
সেই ৰাষ্ট্ৰীয় ধ্বজ্খনি মনত সজতনে সাঁচি ৰাখিবা - "স্বাধীনতা দিৱস"ৰ শুভেচ্ছা যাঁচিলো ।


সমুহ ভাৰতবাসী ৰাইজলৈ স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো... বিজিত কলিতা ।


Independence day wishes in Assamese for WhatsApp and Facebook


শুভ স্বাধীনতা দিৱসৰ ফটো


15 August Independence Day Images in Assamese with Shayari


15 August Independence Day Images in Assamese with Shayari


সকলোলৈকে স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৷


Independence day wishes in Assamese for WhatsApp and Facebook


Independence day wishes in Assamese for WhatsApp and Facebook


Independence day wishes in Assamese for WhatsApp and Facebook


Independence day wishes in Assamese for WhatsApp and Facebook


Independence day wishes in Assamese for WhatsApp and Facebook


Independence day wishes in Assamese for WhatsApp and Facebook


দেশৰ বাবে স্বাধীনতাৰ আটাইতকৈ ডাঙৰ মূল্যায়ন হ'ল দেশৰ জনতাই কঢ়িয়াই ফুৰা স্বাধীনতাৰ অনুভৱ
স্বাধীনতা দিৱসৰ সকলোকে হিয়া ওলগ জনালোঁ।


Independence day wishes in Assamese for WhatsApp and Facebook


🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳
সমুহ ভাৰতবাসী ৰাইজলৈ স্বাধীনতা দিৱসৰ হিয়াভৰা আন্তৰিক শুভেচ্ছা জনালোঁ ।
🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳


দেশৰ 72 তম স্বাধীনতা দিৱসৰ দিনা আমাৰ সকলোটি দেশ বাসিলৈ মোৰ হিয়া ভৰা মৰম যাছিলো। লগতে দেশৰ বাবে শ্বহীদ হোৱা সকলো বীৰ শ্বহীদলৈ মই কৌটি কৌটি প্ৰনাম, আৰু শ্ৰদ্বা যাছিলো। শেষত দেশৰ সকলো শ্বহীদ পৰিয়ালৈ মোৰ তৰফৰ পৰা স্বাধীনতা দিৱসৰ দিনালৈ সমবেদনা জনালো। বন্দে মাত‌ৰম, ভাৰত মাতাকি জয়, জয় হিন্দ।


স্বাধীনতা দিৱসৰ মধুৰ সময়ত স্বাধীনতা সংগ্ৰামী সকলোকে শ্ৰদ্ধাৰে সোঁৱৰিছোঁ.......

তেখেত সকলৰ কষ্ট আৰু আত্ম বলিদান নথকা হলে আমি হয়তো আজি স্বাধীনতা দিৱস উদযাপন কৰিব নোৱাৰিলো হয়....
আপোনালোকৰ ওচৰত আমি ভাৰতবাসী চিৰকৃতজ্ঞ হৈ থাকিম সদায়ে....
             স্বাধীনতা দিৱসৰ সকলোকে হিয়া ওলগ জনালোঁ.

 জয় হিন্দ
ভাৰত মাতা কি জয়
বন্দে মাতৰম..🇮🇳


সমূহ ভাৰতবাসীলৈ স্বাধীনতা দিৱসৰ আন্তৰিক শুভকামনা জনালো আৰু লগতে দেশৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদ সকলক শ্ৰদ্বা নিবেদিছো।
"শ্বহীদ প্ৰণামো তোমাক"......শুভ স্বাধীনতা দিৱস


বিশ্বৰ মহাশক্তিধৰ ৰাষ্ট্ৰ ভাৰতবৰ্ষৰ ৭৩ তম স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেশৰ স্বাভিমান, অখণ্ডতা ও সাৰ্বভৌমত্বৰ ৰক্ষাৰ হেতু প্ৰাণ বলিদান দিয়া দেশৰ প্ৰতিজন বীৰ স্বাধীনতা সেনানী ও #ভাৰতীয়_সেনাৰ প্ৰতিজন বীৰ যোদ্ধা ও #অসম_আৰক্ষী ৰ প্ৰতিজন সাহসী বীৰ লৈ আমাৰ ফালৰ পৰা সশ্ৰদ্ধ প্ৰণিপাত যাঁচিলোঁ৷৷৷

#ভাৰত_মাতা_কি_জয়
#জয়_হিন্দ


মোৰ তৰফৰ পৰা সমগ্ৰ দেশবাসী লৈ স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ৷ এই ৭৩ তম স্বাধীনতা দিৱস উপলক্ষে সকলো দেশবাসীৰ মাজত যাতে শান্তি সম্প্ৰতি আৰু ভাতৃত্ববোধ গঢ়ি উঠে তাৰেই কামনা কৰিলোঁ৷


তিনি বৰণীয়া          জাতীয় পতাকা
নীল আকাশত নাচে
ওপৰে গেৰুৱা          মাজত শুকুলা
তলত শ্যামল আছে
বগাৰ মাজত          অশোক চক্ৰৰ
চিত্ৰ জিলিকি ৰয়
আমাৰ জাতীয়          পতাকাখনিৰ
কদাপি নহয় ক্ষয়।

🇮🇳🇮🇳স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ🇮🇳🇮🇳


Independence day wishes in Assamese for WhatsApp and Facebook


== শ্বেয়াৰ কৰক ==

Post a Comment

0 Comments