NEW!Assamese Video StatusInstall

Status for Mom in Assamese | Assamese Mother Quotes

Place for Ads

মাতৃ দিৱসৰ শুভেচ্ছা

সকলো সুখ-দুখত সংগী হৈ নিজৰ হাজাৰ কষ্টক ঢাকি ৰাখি তোমাক মৰমেৰে আৱৰি ৰখা মানুহ গৰাকীয়েই হৈছে,
তোমাৰ মা ।


Assamese Mother Quotes

ভালপোৱা সঁচাকৈয়ে অন্ধ হয় ,
কাৰণ, আমাৰ মায়েও আমাক নেদেখাকৈয়ে ভাল পাবলৈ আৰম্ভ কৰি দিছিল ।


Assamese Mother Quotes

মই অজ্ঞানী হব পাৰো, বুৰ্বুক হব পাৰো,
অবুজ হব পাৰো, অখ্যাত হব পাৰো,
ক'লা হব পাৰো,
কিন্তু মোৰ মা'ৰ বাবে, মইয়ে শ্রেষ্ঠ সন্তান ।


মাতৃ দিৱসৰ শুভেচ্ছা বাণী

মা দেউতাই দিয়া সংস্কাৰৰ ওচৰত মই পৰাধীন,
নতুবা,
মানুহক সিহঁতৰ উপযুক্ত ঠাই চিনাকি কৰি দিব পৰা সাহস মোৰো আছে ।


সকলোলৈ মাতৃ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ।।
🙏🙏


মাতৃ দিৱসৰ শুভেচ্ছা জনালোঁ পৃথিৱীৰ সকলো মা ক😍😍


"মাঁ "এটা শব্দ যত লুকাই আছে মৰমৰ এখন পৃথিৱী । মাতৃ দিৱসৰ শুভেচ্ছা মোৰ মাৰ লগতে প্ৰতি গৰাকী আই মাতৃলৈ থাকিল ।


মোৰ মৰমৰ মা আৰু সকলো মাতৃলৈ মাতৃ দিৱসৰ বহুত শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলো।


প্ৰতিজনী মাতৃ‌কে মাতৃ‌ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলো লগতে প্ৰতিজন পুত্ৰকে মানসিকতা পৰিবৰ্তন কৰিবলৈ আহ্বান জনালোঁ


👏সকলো মাতৃ লৈ মাতৃ দিৱসৰ দিনটোত হিয়া উজাৰি শুভেচ্ছা জনালোঁ 👏 মা তুমি অনন্যা


Mother Day Status in Assamese


আন্তৰ্জাতিক মাতৃ দিৱসৰ শুভেচ্ছা সকলো মাতৃলৈ জনালোঁ।


মাতৃ দিৱসৰ কবিতা
আজি মাতৃ দিৱস।।
মোৰ মাঁ নাই তথাপি প্ৰতি পলে অনুভৱ কৰোঁ তেওঁ মোৰ চৌপাশ আৱৰি আছে ।।।
মাতৃ দিৱসৰ আন্তৰিক শুভেচ্ছা, ও শ্ৰদ্ধা জনাইছোঁ সকলোকে।
মাঁ
মাঁ দুনাই নকওঁ তোমাক ভাল পাওঁ বুলি
মাথো কঢ়িয়াই ফুৰো
মৌ সনা মাতৰ বৰ্ষা অৰণ্য
উমাল বুকুৰ আভিজাত্য
তোমাৰ
আঙূলিৰ পাবত গজি উঠা
মাধবী লতাই
মোৰ আত্ম বিশ্বাস
কোনে কয়
তুমি নাই
তুমি নাই
মই জানো
তুমি মোৰ আভ্যন্তৰৰ
সমস্ত কোঠাৰ ৰেঙনি
চকু মুদিলেই দেখা পাওঁ
তোমাৰ
সুখঁৰ চকুত দুখঁৰ চকুত
ফুলি উঠা মৰুৰ ফুল
বুকুত গছি উঠা
গধূলি গোপাল
থাপনাৰ কাকূতি
নখচুকাত লাগি ৰোৱা বোকাৰ ছবি,,,
আমি হেনো
নদী বুকুত জী থকা মাছ
জীৱনৰ সতে সহযাত্ৰী হৈ"
জী আছো,
জী থাকো তোমাৰ
পঢ়াশালিৰ পাঠ লৈ;
তোমাৰ সুবাসৰ ফুল
মোৰ প্ৰিয় ফুল
তোমাৰ গানেই মোৰ প্ৰিয় গান
মোৰ প্ৰিয় ছবি!!
তোমাৰ থাপনাৰ নতশিৰ
তুমিয়ে মোৰ
গৰিয়সী স্বৰ্গাদপী
জনমে জনমে
তোমাৰ বুকুৰ অমৃত পিয়াসী মই
তুমিয়ে মোৰ অৰণ্য,,
তুমিয়ে মোৰ আকাশ'
তুমিয়ে মোৰ সন্ধানী পথৰ
আলোকৰ সহযাত্ৰী ।।।।।।


আইৰ সমান হ ব কোন নৈৰ সমান বব কোন।
হে মা তুমি যুগ যুগ জীয়াই থাকা 👏👏

== শ্বেয়াৰ কৰক ==

Post a Comment

0 Comments