শিক্ষক দিৱসৰ শুভেচ্ছা বাণী
সমূহ শিক্ষাগুৰুকে "শিক্ষক দিৱস"ৰ আন্তৰিক শুভেচ্ছা ও শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ ৷
শিক্ষক দিৱসৰ এই প্ৰাকক্ষণত মোৰ শ্ৰদ্ধা ৰ শিক্ষাগুৰু সকললৈ সশ্ৰদ্ধ প্ৰণাম যাচিলোঁ ।।
জ্ঞানমূলক শিক্ষাদানে আমাৰ জীৱন পোহৰ কৰি তোলে। সেইসকল পূজনীয় শিক্ষাগুৰুলৈ সশ্ৰদ্ধাৰে শিক্ষক দিৱসৰ বহু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো।
শ্ৰদ্ধাৰ শিক্ষক সকললৈ শিক্ষক দিৱসৰ শুভেচ্ছা জাচিলো 💐
এজন শিক্ষক হব লাগে শাৰীৰিকভাৱে উপযুক্ত, আবেগিকভাৱে ধীৰ-স্থিৰ, মানসিকভাৱে সজাগ, সামাজিকভাৱে কৰ্ম্মপটু আৰু আধ্যাত্মিক দিশত ঈশ্বৰৰ প্ৰতি ভয় ভক্তি থকা লোক ।
= দাৰ্শনিক এৰিষ্ট'টল =
Read also : শিক্ষক দিৱসৰ কবিতা | Teachers day assamese poem

"শিক্ষক দিৱস উপলক্ষে একলম"
গুৰু ব্ৰক্ষ্মা, গুৰু বিষ্ণু,
গুৰু দেৱ মহেশ্বৰ
গুৰু সাক্ষাৎ পৰমব্ৰক্ষ্ম
তস্মৈশ্ৰী গুৰুৱে নম: ৷৷
গুৰু দেৱ মহেশ্বৰ
গুৰু সাক্ষাৎ পৰমব্ৰক্ষ্ম
তস্মৈশ্ৰী গুৰুৱে নম: ৷৷
ব্ৰক্ষ্মা,বিষ্ণু,মহেশ্বৰৰ ৰূপত চিৰকাল সমভাৱে অলংকৃত হৈ আহিছে দেশৰ ভৱিষ্যত সকলৰ জীৱন দ্ৰষ্টা আৰু গঢ়োতা শিক্ষাগুৰু সকল। শিক্ষকৰ জ্ঞান অমৃত সমৃদ্ধ মহাবাণী আৰু মহান আদৰ্শৰে মহীয়ান হয় একো একোখন দেশৰ ভৱিষ্যত। প্ৰকৃত শিক্ষক ত্যাগ আৰু জ্ঞানৰ প্ৰতিমূৰ্তি স্বৰূপ। সেয়েহে শিক্ষক যুগে যুগে বন্দিত আৰু সমাদৃত।
আজি শিক্ষক দিৱসৰ মধুৰ ক্ষণত, "হে শিক্ষাগুৰু" আপোনালোকৰ চৰণত সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ তথা সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। আপোনালোকে প্ৰজ্ঞাৰ বীজ যুগে যুগে সিঁচি যাওঁক আৰু সেই প্ৰজ্ঞাৰ বীজৰ পৰা প্ৰস্ফুটিত হওঁক মূল্যবোধ, অহিংসা, শান্তি -সম্প্ৰীতি, একতা ইত্যাদিৰে সম্বৃদ্ধ সমাজ, জাতি আৰু দেশ।

শিক্ষক দিৱসৰ কবিতা
@ শিক্ষক দিৱস @
মই ভাল পাওঁ শিক্ষকক
ভাল পাওঁ ৰাধাকৃষ্ণণৰ দৰে
চিৰনমস্যক,
শ্ৰদ্ধা জনাওঁ তেখেতৰ কৰ্মৰাজিক।
দিৱসবোৰ মই বছেৰেকত
এদিন নহয় সদায় পাতো,
কিন্তু শিক্ষক দিৱসৰ দিনা
নষ্টালজিক হৈ পৰোঁ,
মোৰ বহু শিক্ষক এতিয়া
মাথো হৈ পৰিল স্মৃতি,
প্ৰত্যেকজন গুৰুকে স্মৰণ
কৰোঁ শিক্ষক দিৱসৰ
প্ৰতিটো প্ৰভাততে,
মন উৰি যায় মোৰ
শৈশৱ কাললৈ,
চকুৰ আগত ভাঁহি উঠে
ধকধকীয়া বগা চুৰীয়া আৰু
ক'লা ছশমাৰ তলৰ
ৰঙা চকুবোৰ।
শিক্ষক দিৱসৰ বক্তৃতা
আজি ৫ ছেপ্টেম্বৰ ড . সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন । সেয়েহে সমগ্ৰ ভাৰতবৰ্ষতে আজি তেওঁৰ জন্মদিনটো ‘শিক্ষক দিৱস’ হিচাপে উদযাপন কৰিছে । এই শুভক্ষণতে মই সেই সকল শিক্ষা গুৰুক শ্ৰদ্ধা নিবেদিব খুজিছোঁ যিসকলে মোক হাতত ধৰি পোহৰৰ বাট দেখু
শিক্ষা সমাজ সংস্কাৰৰ ঘাই শিপা জাতিৰ মেৰুদণ্ড | সমাজ সংস্কাৰ কৰি জাতিৰ মেৰুদণ্ড পোনাই ৰাখিবলৈ জাতিয়ে শিক্ষক সমাজক গুৰুত্ব দিয়া উচিত |
আজি শিক্ষক দিৱসৰ দিনা ড.সৰ্বপল্লী ৰাধাকৃষ্ণণক শ্ৰদ্ধাৰে সোঁৱৰাৰ লগতে দেশৰ
শিক্ষক সমাজক শতকৌটি প্ৰণাম
মহান শিক্ষাবিদ ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ
১৮৮৮ চনৰ ৫ চেপ্তেম্বৰ তাৰিখে মাদ্ৰাজৰ (বৰ্তমানে চেন্নাই)পৰা চাৰিশ মাইল দূৰত থকা তিৰুতানি নামে সৰু চহৰ এখনত এইজনা যুগনায়ক তথা মহান শিক্ষাবিদৰ জন্ম হয় ।তেখেতৰ পিতাক সৰ্বপল্লী বীৰস্বামীয়ে স্থানীয় এজন জমীদাৰৰ অধীনত ৰাজহ কৰ্মচাৰী আছিল আৰু ড° ৰাধাকৃষ্ণন আছিল তেখেতৰ দ্বিতীয় সন্তান । তেখেতৰ নামৰ আগত লিখা ‘সৰ্বপল্লী’ উপাধিটো পৰম্পৰাগত ভাৱে পোৱা । হয়তো, তেখেতে জন্ম লোৱা গাঁওখনৰ নাম । এটা নৈষ্ঠিক ব্ৰাহ্মণ পৰিয়ালত জন্ম হোৱাৰ সূত্ৰে শিশু ৰাধাকৃষ্ণনেও পৰম্পৰাগত ভাৱে মানি অহা বিভিন্ন নীতি-নিয়ম নিৰ্বিবাদে মানি চলিছিল ।
১৮৯৬ চনত (আঠ বছৰ বয়সত) তিৰোপতিৰ লুথেৰাণ মিশ্যন স্কুলত তেখেতক নাম লগাই দিয়া হয় ।১৯০০ চনত লুথেৰাণ মিশ্যন হাইস্কুলৰ পৰা উত্তীৰ্ণ হৈ ভেলোৰ কলেজত নামভৰ্ত্তী কৰি ১৯০৪ চনত সুখ্যাতিৰে উত্তীৰ্ণ হয় আৰু দৰ্শনক মুখ্য বিষয় হিচাপে লৈ মাদ্ৰাজ খ্ৰীষ্টান নাম ভৰ্ত্তী কৰে আৰু তাৰপৰা মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰি স্নাতক ডিগ্ৰী লাভ কৰে । অভাৱ-অনাটনে জুৰুলা কৰা পৰিয়ালটোত জন্ম লোৱা এইগৰাকী মহান পণ্ডিতে ইয়াৰ পাছত স্নাতকোত্তৰ শ্ৰেণী নামভৰ্ত্তী কৰে । বিশ্ববিদ্যালয়ৰ পৰা ২৫ টকাকৈ বৃত্তি লাভ কৰাৰ লগতে সেইসময়ত তেওঁ ঘৰুৱা শিক্ষকতাৰ কাম কৰি পঢ়াৰ খৰচ উলিয়াইছিল ।পঢ়ি থকাৰ সময়তে তেখেতে ‘ETHICS of VEDANTA’ শিৰ্ষক এখন মৌলিক গ্ৰন্থ প্ৰকাশ কৰে যিখন, ১৯০৮ চনত বিশ্ববিদ্যালয়ে ‘ETHICS of VEDANTA and ITS MATAPHYSICAL PRESUPPOSITIONS’ নামেৰে প্ৰকাশ কৰে । ১৯০৯ চনত তেখেতে মাদ্ৰাজ প্ৰেসিডেন্সী কলেজত অধ্যাপক হিচাপে নিযুক্ত হয় । ১৯১০ চনত পণ্ডিত সৰ্বপল্লী ৰাধাকৃষ্ণণে ‘ESSENTIALS of PHYCHOLOGY’ নামৰ এখন কিতাপ ৰচনা কৰে । ১৯১২ চনত অক্সফোৰ্ড ইউনিভাৰচিটি প্ৰেছে কিতাপখন প্ৰকাশ কৰিছিল । ১৯১৮ চনত ৰাধাকৃষ্ণণে মহীশূৰ বিশ্ববিদ্যালয়ত দৰ্শনৰ অধ্যাপক ৰূপে নিযুক্তি পায় । ১৯২১ চনত চাৰ আশুতোষ মুখোপাধ্যায়ৰ আমন্ত্ৰণক্ৰমে ৰাধাকৃষ্ণণে কলিকতা বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ সৰ্বোচ্চ পদত যোগদান কৰে । ১৯৩১ চনত ৰাধাকৃষ্ণণে অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ পদ অলংকৃত কৰে । ১৯৩৬ চনত ৰাধাকৃষ্ণণে তিনিবছৰৰ বাবে অক্সফোৰ্ড বিশ্ববিদ্যালয়লৈ যায় আৰু তাত SPALDING PROFESSOR of EASTERN RELIGIONS পদত অধিষ্ঠিত হয় । পণ্ডিত মদন মোহন মালব্য আৰু মহাত্মা আমন্ত্ৰণত ৰাধাকৃষ্ণণ ভাৰতলৈ ওভটি আহে আৰু বেনাৰস বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদ অলংকৃত কৰে । ১৯৪৯ চনত চোভিয়েট ৰাচিয়াৰত ভাৰতৰ ৰাষ্ট্ৰ্দূত হিচাপে অধিষ্ঠিত হৈ ৰাজনৈতিক জীৱনৰ পাতনি মেলে । তেখেত ৰাষ্ট্ৰসংঘত ভাৰতীয় প্ৰতিনিধি হৈ থকাৰ লগতে UNESCO ৰ উপ-সভাপতি হৈও আছিল । ১৯৫২ চনত তেখেত ভাৰতৰ উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় । ১৯৫৪ চনত তেখেতক ‘ভাৰত-ৰত্ন’ উপাধিৰে বিভূষিত কৰা হয় । ১৯৬২ চনত তেখেত ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয় । ১৯৬৭ চনৰ ৯ মে’ তাৰিখে তেখেতে কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে । ১৯৬৮ চনত তেওঁক সাহিত্য একাডেমী ফেল’শ্বিপ দিয়া হয় । ১৯৭৫ চনত অসুস্থ অৱস্থাত তেখেতলৈ TEMPLETON পুৰস্কাৰৰ কথা ঘোষণা কৰা হয় । ১৯৭৫ চনৰ ১৬ এপ্ৰিল তাৰিখে নিশা ১২ বাজি ৪৫ মিনিটত এইগৰাকী মহান পণ্ডিতে ইহলীলা সম্বৰণ কৰে ।

1 Comments
ভাল লাগিল ।
ReplyDelete